বোকাখাত সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ ওপৰত উঠিছে খং উঠিছে একাংশ ৰাইজৰ। কেমেৰাৰ সন্মুখতে উত্তেজিত ৰাইজৰ শ্লোগান অতুল বৰা মুৰ্দাবাৰ্দ। কত ঘটিছে এই ঘটনা তাৰ বাবে চাব লাগিব আমাৰ এই প্ৰতিবেদন।
Vo দেৰগাঁৱৰ দাঁতিকাষৰীয়া বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া বানেগৰকা নাককাটি তালচিবাৰীত গাঁৱৰ ৰাইজে
হাজাৰ বাৰ আবেদন নিবেদন কৰাৰ পিছতো বানেগৰকা গাঁওখনৰ ৰাইজে বিচাৰি অহা গাঁৱৰ পথটোৰ নিৰ্মাণ নহ'ল।সমুখত আগন্তুক বাৰিষা,ৰাইজ উপায়ন্তৰ।চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি মন্ত্ৰী অতুল বৰাৰ কোনো।ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগল। অৱশেষত ৰাইজে সিদ্ধান্ত ল'লে ৰাইজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিব পথটো। কথা মতেই কাম।গাঁওখনৰ একাংশ ৰাইজে গাঁঠিৰ ৭ হেজাৰকৈ টকা খৰচ কৰি JCB,Dumper আনি আৰম্ভ কৰিলে পথটোৰ নিৰ্মাণ।মন্ত্ৰী অতুল বাৰৰ বোকাখাত সমষ্টিৰ অন্তৰ্গত গুলুং টেমেৰা গাঁও পঞ্চায়তৰ তালচিবাৰীৰ ৰাইজে স্বাধীনতাৰ পূৰ্বৰে পৰা আজিলৈকে ৮টা দশকে ভুগি আহিছে অলেখ যন্ত্ৰণা। ৰাইজৰ অভিযোগ নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ ঠিকেই আহে অতুল বৰা।কিন্তু ৰাইজৰ সমস্যা সমাধানৰ বেলিকা সমস্যালৈ পিঠি দিয়ে মন্ত্ৰীগৰাকীয়ে।অতুল বৰা ডাঙৰীয়া আপুনি এইসকল গঁঞা ৰাইজৰ দুখ বুজিবলৈ আহৰি হবনে....।বাৰিষা নাৱেৰে চাবলৈ যোৱাতেই সীমাবদ্ধ থাকিবনেকি আপোনাৰ দায়িত্ব।অঞ্চলটোত বিভিন্ন সময়ত বিভিন্ন প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰি আহিছে এইসকল ৰাইজক।এইক্ষেত্ৰত জনপ্ৰতিনিধিসকলে দায়িত্ব পালনত বাৰে বাৰে উপেক্ষা কৰি আহিছে অঞ্চলটোক কিন্তু বিফল হয়।
এইবাৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙিয়ে নিজৰ সমস্যা নিজে সমাধান কৰাৰ পথ বাচি লৈছে।গতিকে এইবাৰ ভোট খুজিবলৈ আহোতে সাৱধান অতুল বৰা ডাঙৰীয়া এই কথা সকিয়াই দিলে গাঁও খনৰ মহিলা সকলে
Comments
Post a Comment