Sanitizatin Mandir Masjids by Safiqul Hoque LT (s)Central Zone(B) Divisional Commissioner BS&G Assam.

ক'ৰনা ৰ পৰা পৰিত্ৰাণ পাবলৈ ভাৰত স্কাউটচ এণ্ড গাইডচত কৰ্মৰত বিষয়ৰ প্ৰশংসনীয় পদক্ষেপ । বটদ্ৰৱাৰ জাজৰিত ধৰ্মীয় অনুষ্ঠানত চেনিটাইজেশ্যনৰ ব্যৱস্থা গ্ৰহণ :

দেশ সংকটত । ৰাষ্ট্ৰ  লকডাউনত । পবিত্ৰ মন্দিৰ,  মছজিদ, নামঘৰ তথা ধৰ্মীয়  অনুষ্ঠানত তিনিজনকৈ বেছি লোক একত্ৰিত হৈ উপসনা কৰা এই সময়ছোৱাত সম্পূৰ্ণ বাবে নিষিদ্ধ । বিগত বছৰ - বছৰ ধৰি এই ধৰ্মীয় অনুষ্ঠান সমুহত একত্ৰিত হৈ উপসনা কৰি নিজৰ লগতে পৰিয়াল তথা বিশ্ব বাসীৰ বাবে কল্যাণৰ প্ৰাৰ্থনা কৰিছিল লোকসকলে। আজি সংকটৰ সময়ত এই  পবিত্ৰ ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে যাতে মহামাৰী ৰূপ ধাৰণ কৰা ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ সৃষ্টি নহয়,  তাৰ প্ৰতি সজাগ হৈ পবিত্ৰ অনুষ্ঠান সমুহত চেনিটাইজেশ্যন কৰি বিৰল  মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে এজন ব্যক্তিয়ে । ভাৰত স্কাউটচ এণ্ড গাইডচত  কৰ্মৰত চফিকুল হকে নিজেই চেনিটাইজ প্ৰস্তুত বটদ্ৰৱাৰ জাজৰি স্থিতিত মন্দিৰ, মছজিদ, নামঘৰ  সমুহত চেনিটাইজেশ্যন কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ এক প্ৰচেষ্টা হাতত লয়
বটদ্ৰৱা পৰা নিপন নাথ ৰিপট্

Comments