এফালে বন্ধ অানফালে মহামাৰী কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশতে ২১দিনীয়া লকডাউন
এফালে বন্ধ অানফালে মহামাৰী কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশতে ২১দিনীয়া লকডাউন ঘোষণা কৰাৰ পাছতে একাংশ জনতা দিকবিদিক হেৰুৱাৰ উপক্ৰম হৈছে। দেশবাসীক কৰ'ণা কৰ'ণা মহামাৰীৰ পৰা ৰক্ষা কৰাৰ এক মহান উদ্দেশ্য আগত ৰাখি লক ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। দিন হাজিৰা কৰি কোনোমতে পেটে ভাতে খাই অহা একাংশ জনতাক বাৰুকৈয়ে চুই গৈছে এই লকডাউনে। কি কৰিব কি নকৰিব এই জনতাই। তথাপিও নিজৰ জীৱন, পৰিয়াল তথা দেশবাসীৰ বাবেই মানিব লাগিব এই লকডাউন। সমাজত কিছুমান এনেকুৱা ব্যক্তি আছে, যিয়ে নিজৰ বাহিৰেও আনৰ কথাও এবাৰলৈ হ'লেও চিন্তা কৰি আহিছে। সমাজৰ একাংশ মানুহৰ মহানুভৱতাই একাংশ দুখীয়া জনতাক অলপ হ'লেও সকাহ প্ৰদান কৰি আন এক নিদৰ্শন দাঙি ধৰিলে বজালীৰ হস্তিনাপুৰৰ এগৰাকী যুৱক সীমান্ত তালুকদাৰে।গাঁওৰ দুখীয়া সকলক বিতৰণ কৰিলে চাউল,দালি,অালু,প্ৰায় ৩০/ ৪০ ঘৰ মানুহক তেও এই দুৰ্যোগৰ সময়ত এই খিনি।সহায় অাগবঢ়ায়।
Comments
Post a Comment