লিডু খুদ্ৰ ব্যৱসায়ী মহানুভৱতা। দৰিদ্ৰ লোকৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ ।


 
  সমগ্ৰ বিশ্বতে এতিয়া মহামাৰী কৰ'ণাৰ অাতংকত বাকৰুদ্ধ সাধাৰণ জনতা । সমগ্ৰ ৰাজ্য লকডাউনৰ পৰিপেক্ষিতত জনজীৱন স্তব্ধ হৈ পৰিছে। চৌদিশে নিস্তব্ধ - নিতাল পৰিবেশ। দৈনিক হাজিৰা কৰি কোনোমতে পৰিয়াল চলাই অহা দৰিদ্ৰ লোকসকলৰ বাবে এইসময় ছোৱা অতিকৈ দুঃসময় হৈ পৰিছে।  লকডাউনৰ এই সময়ছোৱাত যাতে অতি দৰিদ্ৰ লোকসকলে খাদ্যৰ অভাৱত ভূগিব লগীয়া নহয় তাৰ প্ৰতি লক্ষ্য কৰি । লিডু টিৰাপ কলিয়ৰী বাগানৰ বাসিন্দা "শ্ৰী বেটাব মালি নামৰ যোৱক জনৰ লগত লগলাগি সাংবাদিক বিকি দাস আৰু সাংবাদিক অভিজিৎ চাংমাই  আৰু লগত আছাৰ্কমী অনিলা মালি লগত লৈ প্ৰায় দুই কুৰি অধিক দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছে ।চাউল,দাইল,মিঠাতেল আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী। লগতে ক'ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে সকলোককে সজাগ কৰি আহিছে । এনে পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে।প্ৰতিঘৰ লোকৰ পদুলিয়ে পদুলিয়ে গৈ অত্যাৱশকীয় সামগ্ৰী বিতৰণ কৰে।

মাৰ্ঘেৰিটাৰ পৰা বিকি দাস নিউজ ৩০ অসম।

Comments