নৱবৰ্ষ উপলক্ষে ৰৌতাত কুড়ুষ সাংস্কৃতিক অনুষ্ঠান উদযাপন ।
ৰৌতা, ৯ জানুৱাৰী: - ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত বজ্ৰঝাৰ মাদাৰ টেৰেছা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত যোৱা সোমবাৰৰ পৰা দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে 'কুড়ুষ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায় । বৃহত্তৰ আদিবাসী সমাজৰ 'কুড়ুষ' জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নৱবৰ্ষ উদযাপনৰ উদ্দেশ্যে পুন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় । কুড়ুষ সাহিত্য সভাৰ ৰৌতা আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটো ৰাতিপুৱা ৮ বজাত ৰৌতা ছেক্ৰেট হাৰ্ট স্কুলৰ সহকাৰী শিক্ষক উইলিয়াম লাক্ৰাই পতাকা উত্তোলন কৰি শুভাৰাম্ভ কৰে । পতাকা উত্তোলন পিছত বৃহত্তৰ ৰৌতা অঞ্চলত বসবাস কৰা 'কুড়ুষ' জনগোষ্ঠীৰ পুৰুষ-মহিলাৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰে । ইয়াৰ পিছতে আবেলি ৪ বজাৰ পৰা নৃত্য-গীত প্ৰতিযোগিতাৰ লগতে বটাঁ প্ৰাপ্ত সকলক বটাঁ বিতৰণ কৰি প্ৰথম দিনাৰ কাৰ্যসূচী সমাপ্ত কৰে । দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে মঙ্গলবাৰে আবেলি ২ বজাত মুকলি সভা অনুষ্ঠিত হয় । মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰৌতা ছেক্ৰেট হাৰ্ট স্কুলৰ অধ্যক্ষ ফাদাৰ খ্ৰীষ্টৰাজ লাৰকা ।প্ৰায় পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত মুকলি সভাত ফ্ৰান্সীছ লাৰকাই অতিকৈ পিছপৰা 'কুড়ুষ' জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বহু সাৰমৰ্ম তথা মূল্যবান বক্তৃতা প্ৰদান কৰে । উল্লেখ্য যে , 'কুড়ুষ' জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ উপৰিও শিক্ষা-দীক্ষাঃ কে আদি কৰি সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি দিশত উক্ত জনগোষ্ঠীটোক কেনেকৈ আগুৱাই লৈ যাব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে বুলি আকছাৰ ৰৌতা আঞ্চলিক সমিতিৰ সভাপতি ফ্ৰান্সীছ কুজুৰে সাংবাদিকক জানিবলৈ দিয়ে । উক্ত মুকলি সভাত ওদালগুৰি জিলা কুড়ুষ সাহিত্য সভাৰ সভাপতি জুছেফ টপ্প, বজ্ৰঝাৰ ডেভেলপমেন্ট চচাইটিৰ সভাপতি পেট্ৰাছ টপ্প, আকছাৰ মুখ্য সাংগঠনিক সম্পাদক পাচকেল টপ্প, সাংগঠনিক সম্পাদক জেমচ্ টিৰ্কী আৰু শিক্ষক কল্যাণ টিৰ্কী উপস্থিত থাকে ।
আব্দুল আৱাল, ওদালগুৰি

Comments
Post a Comment