দিচাংমুখত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

দিচাংমুখত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত আলিছিগাৰ পৰা টিয়ৰ বস্তিলৈ নিৰ্মান কৰি থকা প্ৰায় তিনি কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে | উত্থাপিত অভিযোগ অনুসৰি ঠিকাদাৰে বন বিভাগৰ অনুমতি নোলোৱাকৈ পথৰ কাষৰ মূল্যবান গছ কাটি খাচটাং কৰাৰ লগতে পথচোৱাত পানী চটিয়াব লাগে | কিন্তু কায্যক্ষেত্ৰত সেয়া হোৱা নাই | তাৰোপৰি পথত ৰঙা গুৰিমাটিৰ বিপৰীতে পলসুৱা মাটিৰে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশই | নদীৰ গড়াত কোনো পটুৱা নমৰাকৈ পথ নিৰ্মাণ কৰাত পথ চোৱা উক্ত অঞ্চলত বাৰিষা নদীৰ বুকুত জাহ যোৱাটো খাটাং হৈ পৰিছে | এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব | 

Comments